Show/Hide Keyboard Layout

(মই) গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে

- জ্যোতিপ্ৰসাদ আগৰৱালা

(মই) গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে

বন্তি জ্বলাই যাওঁ মই

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে

বন্তি জ্বলাই যাওঁ ।

 

গাঁৱলীয়া ছোৱালী 

শেৱালি মই নেৱালি

গাঁৱৰ কোলাত হাঁহি মাতি

সোণ ধানৰে জেউতী চৰাম ।

 

গাঁৱৰ ল’ৰা আগবাঢ়ি যাওঁ

হাবি কাটি আগবাঢ়ি যাওঁ

পৰ্বত ভাঙি আগবাঢ়ি গৈ

বাট উলিয়াম নিতৌ নতুন পাম ।

 

জুই সুৰীয়া জয় সুৰীয়া

নতুন নাম গাম

ৰাইজৰ বৰ নাম ঘৰতে

সোণৰ ৰূপৰ পাট মেৰিওৱা

বৰখুঁটা লগাম ।।

Hits: 1446